প্ৰতিখন জিলাত এজেপিয়ে গঠন কৰিব ক'ভিড সঁহাৰি কোষ

By

Published : May 17, 2021, 2:16 PM IST

thumbnail
বৰ্ধিত কৰ'ণা সংক্ৰমণ ৰোধ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন ৷ সোমবাৰে গুৱাহাটীস্থিত দলটোৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ঘোষণা কৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ৷ এই সংবাদমেলতে সভাপতিগৰাকীয়ে আৰ্তজনৰ সহায় হোৱাকৈ https://plasmfinderassamjatiyaparishad.com নামেৰে এটি বিশেষ ৱেবছাইট মুকলি কৰাৰ লগতে প্ৰতিখন জিলাত ক'ভিড সঁহাৰি কোষ গঠন কৰাৰ কথা উল্লেখ কৰে ৷ আৰ্থিকভাৱে পিছপৰা ব্যক্তি তথা ক্ষুদ্ৰ ব্যৱসায়ীক চৰকাৰী অনুদানৰ আহ্বান জনোৱাৰ লগতে দলটোৱে প্লাজমা বেংক স্থাপন কৰিব বুলিও জানিবলৈ দিয়ে ৷ জিলাভিত্তিক বিশেষ জৰুৰীকালীন সময়ত সহায় হোৱাকৈ ফোন নম্বৰ মুকলি কৰে দলটোৱে ৷ নম্বৰসমূহ হ'ল: কামৰূপ(ম)-9101321679/9435731820, শিৱসাগৰ-8822091572, ডিব্ৰুগড়-8812876404, দৰং-6901997001, ধেমাজি -9954332430/9101730268/8638240074, তিনিচুকীয়া-7575969557, নলবাৰী -9957443052/9864699058/8011430518/9954906013/8638574636, হোজাই-9864222028/7002835589, যোৰহাট -7002795227, বঙাইগাঁও-8638182129, লখিমপুৰ-9706068971, তেজপুৰ-6026556507, মৰিগাঁও-7002319284, বাক্সা-9365106691, বিশ্বনাথ-9394104929, শদিয়া মহকুমা-8822587156, ধুবুৰী-8638273061, বজালী-8011434368/9957709173, কামৰূপ (গ্ৰাম্য)-9864294293

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.