নলবাৰীত আৰম্ভ হ'ল ভোটগণনা প্ৰক্ৰিয়া - Assam elections 2021
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11611112-thumbnail-3x2-bghm.jpg)
ৰাজ্যৰ আন আন সমষ্টিসমূহৰ সমান্তৰালভাৱে নলবাৰী জিলাতো আৰম্ভ হৈছে নলবাৰী, বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ সমষ্টিৰ ভোটগণনা ৷ নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰত চলিছে তিনিওটা সমষ্টিৰ ভোটগণনা ৷ ক'ভিড প্ৰ’টকল মানি অনুষ্ঠিত কৰা এই গণনা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ পূৰ্বে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ ভূঞাই ৷