ন্যায্য প্ৰাপ্তিৰ দাবীত ডিব্ৰুগড়ত ৰন্ধন কৰ্মীৰ প্ৰতিবাদ - ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 23, 2022, 10:30 PM IST

শুকুৰবাৰে ডিব্ৰুগড়ত ন্যায্য প্ৰাপ্যৰ দাবীত প্ৰতিবাদত বহিল ৰন্ধন কৰ্মীসকল (Protest in Dibrugarh) । দীৰ্ঘদিনৰ পৰা কৰ্মৰ বাবদ পাবলগীয়া নিজৰ প্ৰাপ্যৰ অধিকাৰ বিচাৰি জিলাখনৰ চৌকিডিংগী চাৰিআলিত হাতত একোখনকৈ বেনাৰ-প’ষ্টাৰ লৈ ৰন্ধন কৰ্মীসকল নামিল ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত (Cook women Protest against Assam Govt in Dibrugarh) । ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰায় এক শতাধিক ৰান্ধনী কৰ্মীসকলে সমস্ত বকেয়া মাননি আগন্তুক দুৰ্গা পূজাৰ আগে আগে প্ৰদান কৰক, নিয়মীয়াকৈ মাননি আদায় দিয়ক, প্ৰতিমাহৰ মাননি প্ৰথম সপ্তাহত আদায় কৰক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰন্ধন কৰ্মীৰ দৰমহা বৃদ্ধিৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও তাক আজি পৰ্যন্ত কাৰ্যকৰী নকৰাৰ অভিযোগ উত্থাপন কৰে ৰন্ধন কৰ্মীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.