ডিব্ৰুগড়ত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা - Cultural rally in Dibrugarh
🎬 Watch Now: Feature Video
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰৰে পৰা আৰম্ভ হৈছে ৭নং পোহাৰী খনিয়া প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান । শনিবাৰে পুৱাৰ ভাগত উদযাপন সমিতিৰ সভাপতি সঞ্জীৱ হাজৰিকাই বিদ্যালয়ৰ পতাকা উত্তোলন আৰু সম্পাদক জয়ন্ত দাসে শ্বহীদ তৰ্পন কৰাৰ পিছতেই উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা (Cultural rally in Dibrugarh)। জুৰীয়া হাাতীৰে আৰম্ভ কৰা এই শোভাযাত্ৰাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন সাংস্কৃতিক দলৰ দ্বাৰা পৰিৱেশিত বিভিন্ন গীত-নৃত্য, গায়ন-বায়ন পৰিৱেশন কৰা হয় । ১৯২১ চনত প্ৰতিষ্ঠা লাভ কৰা গৰিমামণ্ডিত বিদ্যালয়খনত উপস্থিত হৈ বহু প্ৰাক্তন শিক্ষাৰ্থী আবেগিক হৈ পৰাৰ লগতে অতীতৰ সোনালী দিনবোৰৰ কথা মনত পেলায় । শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ অন্তিমদিনা অৰ্থাৎ দেওবাৰৰ কাৰ্যসূচীত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।
TAGGED:
Cultural rally in Dibrugarh