Murder in Golaghat : ভতিজাকৰ প্ৰহাৰত প্ৰাণ গ’ল বৰদেউতাকৰ - ভতিজাকৰ প্ৰহাৰত প্ৰাণ গ’ল বৰদেউতাকৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 4, 2022, 1:59 PM IST

ৰাজ্যত আকৌ নৃশংস হত্যাকাণ্ড ৷ এইবাৰ গোলাঘাট জিলাৰ সেন্দুৰীটিং চাহ বাগিচাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড (Murder in Golaghat) । ঘটনাৰ বিৱৰণি অনুসৰি, শুকুৰবাৰে নিশা এটা ছাগলী চুৰৰ প্ৰসংগক কেন্দ্ৰ কৰি খোৰাক ভতিজাকৰ মাজত সৃষ্টি হয় খণ্ড যুদ্ধৰ ৷ এই খণ্ড যুদ্ধৰ ফলতে নিজ বৰদেউতাকক মৰিয়াই মৰিয়াই হত্যা কৰে ভতিজাকে ৷ মৃত লোকজনৰ নাম বুবাই ভূঞা (52) বুলি জানিব পৰা গৈছে ৷ মৃত বুবাই ভূঞাৰ কন্যাই উল্লেখ কৰা অনুসৰি, ৰতিয়া ভূঞা আৰু হৰেণ ভূঞাই চকুৰ সন্মুখতে হত্যা কৰে দেউতাক বুবাই ভূঞাক । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ খবৰ দিয়া হয় আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় খুমটাই আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.