Dr Bhupen Hazarika birth anniversary: নগাঁৱতো উদযাপন সুধাকণ্ঠৰ জন্মদিন - নগাঁৱতো উদযাপন সুধাকণ্ঠৰ জন্মদিন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16317602-thumbnail-3x2-hkgf.jpg)
আজি ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম দিৱস ( Bhupen Hazarika birth anniversary) ৷ অসমৰ বিভিন্ন প্ৰান্তত মহান শিল্পীজনাৰ জন্ম বাৰ্ষিকী উদযাপন কৰা দেখা গৈছে ৷ সমান্তৰালকৈ নগাঁৱতো জনতাৰ শিল্পীজনাৰ জন্মদিনটো উদযাপন কৰা হয় । মহান শিল্পীজনাৰ জন্মদিনটোৰ লগত সংগতি ৰাখি কলঙৰ বাকৰি নেহেৰুৱালীত বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ড৹ ভূপেন হাজৰিকাদেৱৰ গুণমুগ্ধই একেলগে পৰিৱেশন কৰিলে 'মানুহে মানুহৰ বাবে' গীতটো । ভূপেন হাজৰিকাৰ কালজয়ী গীতত একপ্ৰকাৰ জীপাল হৈ পৰিল কলঙৰ বাকৰি নেহেৰুৱালী ।