বগাহাতীত পৰিণত মাধকলি পানী যোগান আচঁনি
🎬 Watch Now: Feature Video
যিসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনাময় তথা স্বচ্ছ ভাৰত অভিযানক চৰকাৰ তথা দলৰ মুখ্য শ্ল’গান ৰূপে গ্ৰহণ কৰি নগৰ-চহৰ, গাঁও সকলোতে ঘৰে ঘৰে স্বচ্ছতা আৰু অনাময় ব্যৱস্থা এক প্ৰকাৰ বাধ্যতামূলক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে, সেই সময়ত বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা পৰিচালিত বিশুদ্ধ পানী যোগান আৰু অনাময় ব্যৱস্থা এক প্ৰহসনত পৰিণত হৈছে । ডিব্ৰুগড় জিলাৰ খোৱাং মাধকলি জনস্বাস্থ্য কাৰিকৰি বিভাগৰ পানী যোগান আঁচনিৰ প্ৰকল্পটো আজি বহুৰ বছৰ ধৰি বিকল হৈ থকাৰ ফলতেই পানী যোগান আঁচনিটোৰ গৃহ জহি-খহি গৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবেই বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ ৰাইজ । অতি সোনকালেই প্ৰকল্পটো মেৰামতি কৰি অঞ্চলটোৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ।