thumbnail

Attack on ambulance driver : অভাৰটেক কৰাৰ বাবেই এম্বুলেঞ্চ চালকক প্ৰহাৰ

By

Published : Dec 17, 2021, 7:36 AM IST

ৰাইজৰ ৰোষৰ পৰা সাৰি নগ’ল জৰুৰীকালীন সেৱাত কৰ্মৰত ব্যক্তি ৷ একমাত্ৰ অভাৰটেক কৰাৰ বাবেই গণপ্ৰহাৰৰ বলি হৈছে এগৰাকী এম্বুলেঞ্চ চালক (Attack on ambulance driver) ৷ হোজাইৰ নীলবাগানত সংঘটিত হৈছে এই ঘটনা ৷ বুধবাৰে নিশা লংকাত ৰোগীক ঘৰত থৈ ডংকামোকামলৈ গৈ থকা অৱস্থাত এখন এম্বুলেঞ্চৰ চালকক আদবাটতে ভেটি ধৰি প্ৰহাৰ কৰে এখন বিলাসী বাহনৰ চালকে ৷ AS 01 EP 5817 নম্বৰৰ Glanza বাহনৰ আৰোহীৰ এনে কাণ্ডত আঘাতপ্ৰাপ্ত হয় সঞ্জীৱ বসুমতাৰী নামৰ এম্বুলেঞ্চৰ চালকগৰাকী (Ambulance driver attack in Nilbagan)৷ এই ঘটনাত জাঙুৰ খাই উঠিছে জিলাখনৰ এম্বুলেঞ্চ চালকসকল ৷ জিলা প্ৰশাসন তথা উপায়ুক্তক এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে এম্বুলেঞ্চৰ চালকসকলে ৷ ইতিমধ্যে বিলাসী বাহনখনৰ আৰোহীৰ বিৰুদ্ধে নীলবাগান থানাত ৰুজু কৰা হৈছে (Case registered at Nilbagan Police Station) এটি গোচৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত তদন্ত আৰম্ভ কৰিছে হোজাই আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.