হোজাইত এটিএম চুৰিৰ অভিযুক্তলৈ আৰক্ষীৰ গুলীচালনা

By

Published : Jul 28, 2021, 7:14 AM IST

thumbnail

ৰাজ্যজুৰি বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত অপৰাধীলৈ আৰক্ষীৰক এনকাউন্টাৰৰ ঘটনা চৰ্চা লাভ কৰাৰ মাজতে মঙলবাৰে হোজাইত এটিএম চুৰিত অভিযুক্তলৈ আৰক্ষীৰ গুলিচালনা ৷ হোজাই আৰক্ষী অধীক্ষকে জনোৱা মতে, আৰক্ষীৰ গুলীত আহত হৈছে দুধর্ষ এ টি এম চোৰ দিলোৱাৰ হুচেইন ৷ যোৱা 17 জুলাইৰ নিশা লংকাৰ তিনিআলিস্থিত এ টি এমত সংঘটিত চুৰিকাণ্ডৰ ঘটনাত জড়িত আছিল দিলৱাৰ ৷ নঁ-খুটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আন্তঃৰাজ্যিক চক্ৰৰে জড়িত চোৰ দিলোৱাৰক ৷ ইয়াৰ মাজতে মঙলবাৰে পুৱতি নিশা আৰক্ষীৰ তদন্তৰ সময়ত দিলোৱাৰে আৰক্ষীৰ কৱলৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ৷ এই ঘটনা সংঘটিত হৈছিল যমুনামুখৰ চাংজুৰাই গাঁৱত৷ উক্ত সময়ত আৰক্ষীয়ে চলোৱা গুলীত আহত হয় দিলোৱাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.