নিজৰ ঘৰ-পৰিয়ালৰ পৰা পৃথকে থাকিও আজি হাঁহিছে আইতাহঁতে - Female Commander visit to Old age home in Tezpur

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 20, 2022, 8:53 PM IST

তেজপুৰ বেচেৰীয়াৰ ককা-আইতাৰ আপোন ঘৰ নামৰ বৃদ্ধাশ্ৰমখনত আনন্দৰ জোৱাৰ (Apun Ghar Old Age Home) ৷ এই বৃদ্ধাশ্ৰমত থকা ককা-আইতা সকলে যেন নিজ সন্তানৰ পৰা দূৰত থাকিও আজি লাভ কৰিছে সুখানুভূতি ৷ কিয়নো বিহুবুলি ককা-আইতাসকলৰ কাষত ঠিয় দিলেহি অসম ৰাইফালছৰ মহিলা কল্যাণ নিধিৰ এটা দল ৷ তেওঁলোকে আনিলে বিহুৰ উপহাৰো ৷ সেয়ে বিহু-গীত গাই আনন্দত নাচি-বাগী স্ফূৰ্তি কৰা দেখা গ’ল এইসকল ককা আইতাক ৷ এই ককা আইতাসকলৰ খবৰ ল'বলৈ বৃদ্ধাশ্ৰমখনত উপস্থিত হোৱা তেজপুৰ চাৰিদুৱাৰৰ ১২ নং অসম ৰাইফালছৰ কামণ্ডিং অফিছাৰ ৰাজেশ চৌধুৰীৰ পত্নী তথা অসম ৰাইফালছ মহিলা কামাণ্ডাৰ অনুভা চৌধুৰীকো (Assam Rifles Female Commander visit to Old age home) আইতাহঁতৰ আনন্দত অংশ লোৱা দেখা গ’ল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.