৯ জুলাইত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ এখনি সভা - ৰাজ্যিক সভাপতি ভৱেশ কলিতা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15765351-thumbnail-3x2-moran.jpg)
৯ জুলাইত ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেনটিনত অনুষ্ঠিত হ'ব ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়াৰ এখনি গুৰুত্বপূৰ্ণ সভা (BJP state meeting will be held in Dibrugarh on July 9) ৷ এই সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM will attend BJP state meeting in Dibrugarh), ৰাজ্যিক সভাপতি ভৱেশ কলিতা ৷ বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা কার্যালয়ত এক সংবাদ মেল আয়োজন কৰি এই মন্তব্য কৰে দলটোৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তই ৷ আনহাতে, উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠনিক জিলাৰ সভাপতি, জিলা প্ৰভাৰী, সহ-প্ৰভাৰী আৰু ৰাজ্যিক মৰ্চাৰ সভাপতিসকলে অংশগ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে । সভাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ইতিমধ্যে ৰাজ্যিক উপ-সভাপতি অজয় কোঁৱৰ আৰু সম্পাদক বিকুল ডেকাৰ নেতৃত্বত এখন প্ৰস্তুতি কমিটি গঠন কৰি দিয়া হৈছে বুলিও উক্ত সংবাদ মেলত উল্লেখ কৰে ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে ৷