BTR EM at relief camp: বঙাইগাঁৱৰ আশ্ৰয় শিৱিৰত BTR ৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য - 107 families affected by Aai river erosion
🎬 Watch Now: Feature Video
বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ২ নং বাশবাৰীৰ ১০৭ টা পৰিয়াল আই নৈৰ খহনীয়াত সৰ্বহাৰা হৈ তিলপুখুৰী আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহন কৰিছে(107 families affected by Aai river erosion) । ক্ষতিগ্ৰস্ত সকলক জিলা প্ৰসাশনে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰি আহিছে । সোমবাৰে খহনীয়াত সৰ্বহাৰা হৈ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহন কৰা ১০৭ টা পৰিয়ালৰ কাষত উপস্থিত হয় BTRৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে(BTR EM Arup Kumar Dey present at shelter camp) ।কাৰ্যবাহী সদস্যগৰাকীয়ে খহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলৰ সংস্থাপনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিব বুলি আশ্বাস প্ৰদান কৰে । পৰিদৰ্শন কালত BTR ৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেক সংগ দিয়ে BTR ৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়ন,বিজেপিৰ বঙাইগাঁও জিলা সভানেত্ৰী হিমনী অধিকাৰী,চিৰাং জিলা বিজেপিৰ সভাপতি ৰিণ্টু কুমাৰ দাসে ।