Scam in Arunodoi Scheme: নলবাৰীৰ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত মহিলাৰ বিক্ষোভ - Allegation of scam in Arunodoi Scheme in Nalbari
🎬 Watch Now: Feature Video
নলবাৰী জিলাৰ পূৱ নলবাৰী মণ্ডলৰ অন্তৰ্গত ১নং খাতা গাঁও পঞ্চায়তত ব্যাপক অনিময়ৰ অভিযোগ । সেয়ে ইয়াৰ বিৰোধিতাৰে নলবাৰীৰ ১ নং খাতা পঞ্চায়তত বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পঞ্চায়ত সভাপতি লাবণ্য নাথৰ বিৰুদ্ধে সোমবাৰে একাংশ মহিলাই মুৰ্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Women protest in Nalbari) । উল্লেখ্য যে, অৰুণোদয় আঁচনিকে ধৰি বিভিন্ন আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈ বিষয়টো বুজ লোৱাৰ উদ্দেশ্যে মহিলাসকলে পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হয় যদিও কাৰ্যালয়টোত খুব কম সংখ্যক কৰ্মচাৰীহে উপস্থিত থকাৰ অভিযোগ উত্থাপন কৰে মহিলাসকলে (Allegation of scam in Arunodoi Scheme in Nalbari) । লগতে দীৰ্ঘদিন ধৰি মহিলাসকলে গাঁও পঞ্চায়তৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ কোনো সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে ৷ আনহাতে, এগৰাকী মহিলাৰ পৰা এই আঁচনিৰ সুবিধা দিয়াৰ নামত পঞ্চায়তৰ সদস্যই ৫০০০ টকা বিচৰাৰো অভিযোগ উত্থাপিত হৈছে ৷