Midday Meal Employees Press meet: সমগ্ৰ অসমতে 13 জুনত হ’ব ধৰ্ণা কাৰ্যসূচী - দৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন
🎬 Watch Now: Feature Video

চৰকাৰে মধ্যাহ্ন ভোজনৰ আঁচনিখন ব্যক্তিগতকৰণ কৰিব খোজিছে ৷ চৰকাৰৰ এই ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে পুনৰবাৰ থিয় হৈছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন (All Assam Midday Meal Employees Union) ৷ আনকি বিগত পাঁচ মাহ ধৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে লাভ কৰা নাই তেওঁলোকৰ মাননি ৷ যাৰ বিৰুদ্ধে চলিত মাহৰ 13 তাৰিখে সমগ্ৰ অসমতে এক গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন কৰ্মীসকলে ৷ শুকুৰবাৰে ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সদস্যসকলে এক সংবাদমেল আয়োজন কৰি সদৰি কৰে এই তথ্য ৷ কেৱল 13 জুনেই নহয়, যদিহে চৰকাৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন কৰ্মীসকলৰ দাবী মানি নলয়, তেন্তে আগন্তুত সময়ত এই কৰ্মীসকলে 2019 চনৰ দৰে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ।