নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ হুংকাৰ অখিল গগৈৰ - শিমলুগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতি
🎬 Watch Now: Feature Video

লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসীৰ বাবে অভিশাপ স্বৰূপ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ হুংকাৰ বিধায়ক অখিল গগৈৰ । যি সময়ত সৰু-সৰু নদী বান্ধ সমূহে সমগ্ৰ ৰাজ্যজুৰি বিভীষিকাময় পৰিবেশৰ সৃষ্টি কৰিছে ঠিক সেই সময়তে বৃহৎ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কোনো কাৰণতে মানি লোৱা নহ'ব বুলি পুনৰ সকীয়াই দিছে অখিল গগৈয়ে । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিমলুগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাবে আয়োজন কৰা বিষ্ণু ৰাভা দিৱসৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi react on Lower Sobansiri Dam at Narayanpur) । লগতে তেওঁ আৰু কয় যে বান সাহাৰ্য বিতৰণৰ নামত মুখ্যমন্ত্ৰীৰ নাটক ঠিকেই চলিছে ৷ কিন্তু বানপীড়িতই সাহাৰ্যহে পৰ্যাপ্ত পৰিমাণে পোৱা নাই ৷
TAGGED:
বিষ্ণু ৰাভা দিৱস