গৃহমন্ত্ৰীৰ প্ৰস্তাৱত সৰৱ অখিল গগৈ

By

Published : Aug 5, 2019, 6:40 PM IST

thumbnail

গুৱাহাটী,5আগষ্ট :৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাটো এক অসংবিধানিক-এই মন্তব্য অখিল গগৈৰ ৷ সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে কয়,স্বৈৰাচাৰিতাৰ সকলো সীমা পাৰ কৰি দিছে বিজেপি চৰকাৰে ৷ অগণতান্ত্ৰিকভাৱে জম্মু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তনক তীব্ৰ গৰিহণা দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে ৷ বিজেপিয়ে জনতাৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে ৷ আনহাতে জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তনক বিজেপিৰ এক ঐতিহাসিক সিদ্ধান্ত বুলি সামাজিক মাধ্যমত একাংশই কৰা মন্তব্যত অসন্তুষ্টি ব্যক্ত কৰে অখিল গগৈয়ে । বিষয়টোৰ ওপৰত কোনো জ্ঞান নোহোৱা একাংশই এনেদৰেই মন্তব্য কৰিছে বুলিও সংবাদমেলত মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.