নাজিৰাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট - নামনি সোৱণশিৰীৰ জলবিদ্যুৎ প্ৰকল্প
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15709803-thumbnail-3x2-kkfd.jpg)
নাজিৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী (AJYCP protest in Nazira)৷ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, নামনি সোৱণশিৰীৰ জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰা আৰু বানত ক্ষতিগ্রস্ত ৰাইজক পুনৰ সংস্থাপন দিয়াৰ দাবীৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাজিৰাৰ নাট্য মন্দিৰৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিয়েও অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে AJYCP শতাধিক কৰ্মকতাই ৷