Sivsagar suicide case: চুমি মিৰ্ধাৰ আত্মহত্যা সন্দৰ্ভত গ্ৰেপ্তাৰ প্ৰেমিক ইজাজুল হক

By

Published : Jul 12, 2022, 12:10 PM IST

thumbnail
চৰ্চাত আকৌ বনকৰা যুৱতী চুমি মিৰ্ধাৰ আত্মহত্যাৰ প্ৰসংগ (Chumi Mirdha suicide case) । সোমবাৰে নগাঁও আৰক্ষীৰ সহযোগত বটদ্ৰৱাৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুমি মিৰ্ধাৰ আত্মহত্যাৰ আঁৰৰ মূল অভিযুক্ত ইজাজুল হকক (Accused behind Chumi Mirdha suicide arrested) । শিৱসাগৰ সদৰ থানাৰ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, বিগত শনিবাৰে শিৱসাগৰ নগৰৰ ASTC সমীপৰ নিৱাসী লোকনাথ গগৈ আৰু ৰাণু গগৈৰ ঘৰত বনকৰা যুৱতী হিচাবে থকা চুমি মিৰ্ধাৰ আকস্মিক মৃত্যু হয় । চুমিৰ মৃত্যু সন্দৰ্ভত বকতাৰ চুমীৰ পৰিয়ালক খবৰ দিয়া হয় ৷ কিন্তু চুমিৰ পৰিয়ালে চুমিৰ আকস্মিক মৃত্যুক সহজভাৱে ল’ব নোৱাৰি খবৰ দিয়ে আৰক্ষীক ৷ তাৰ পাচত আৰক্ষীয়ে চুমিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰে । মৰণোত্তৰ পৰীক্ষাত চুমি অন্তঃসত্বা বুলি ধৰা পৰাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । চাহ জনজাতি ছাত্ৰ সন্থাই ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী কৰাৰ লগতে চুমিক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল গগৈ দম্পত্তিৰ বিৰুদ্ধে । যাৰ বাবে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছিল গগৈ দম্পতীকো ৷ অৱশেষত আৰক্ষীয়ে ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰি ইজাজুল হকৰ প্ৰতাৰণাৰ ফলতে চুমিয়ে আত্মহত্যা কৰা বুলি নিশ্চিত হয় ৷ শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাই উল্লেখ কৰা অনুসৰি, চুমি মিৰ্ধাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল অভিযুক্ত ইজাজুল হকৰ ৷ নগাঁৱৰ বটদ্ৰৱাৰ ইদিজ আলিৰ পুত্ৰ অভিযুক্ত ইজাজুল হকে লোকনাথ গগৈৰ ঘৰৰ সমীপৰ এটা গাড়ী গেৰেজত কাম কৰিছিল ৷ তথ্য অনুসৰি, ইজাজুল হকক বৰ্তমান শিৱসাগৰ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.