বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে আছুৰ বিক্ষোভ - বান গৰাখহনীয়া সমস্যা
🎬 Watch Now: Feature Video

বৃহস্পতিবাৰে তিনিচুকীয়াত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ৷ অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা(AASU demands Declaring flood erosion as National problem), বান-গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধান কৰা, বান-গৰাখহনীয়া আক্ৰান্ত পৰিয়ালসমূহক খাদ্য সামগ্ৰী, ঔষধ, শিশু খাদ্য, পশুধনৰ খাদ্য যোগান ধৰাৰ দাবীত তিনিচুকীয়া কলেজ তিনিআলিৰ সমীপত বিশাল বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই(AASU protest in Tinsukia) ৷ ছাত্ৰ সংগঠনটোৱে এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক অসমৰ জনসাধাৰণক পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰাৰো দাবী জনায় ৷