Girl child dies after falling into pond: মাণিকপুৰৰ ৪নং বাশবাৰীত পুখুৰীত পৰি শিশুকন্যাৰ মৃত্যু - মাণিকপুৰত কৰুণ ঘটনা
🎬 Watch Now: Feature Video
মাণিকপুৰৰ ৪নং বাশবাৰীত সংঘটিত হয় এক কৰুণ ঘটনা (Tragic incident at Manikpur) । ঈদ খাবলৈ আহি পুখুৰীত পৰি সলিল সমাধি ঘটে এগৰাকী শিশুকন্যাৰ (Girl child dies after falling into pond at Manikpur ) ৷ শাকতলা গাঁৱৰ ময়নুল হক নামৰ ব্যক্তিজনে কন্যা মৰিয়মক লগত লৈ পৰিয়ালসহ শহুৰেকৰ ঘৰত ঈদ খাবলৈ আহিছিল ৷ তাৰ পিছতেই পুখুৰীৰ পাৰত খেলি থাকোতে হঠাৎ পুখুৰীত পৰি যায় মৰিয়ম৷ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে মৰিয়ম সন্ধানহীন হোৱাৰ খবৰ পোৱাৰ লগে লগে পুখুৰীত জাল মাৰি উদ্ধাৰ কৰে মৰিয়মক৷ লগে লগে মৰিয়মক মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত (Manikpur Model Hospital) ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ মাত্ৰ দহ বছৰতে এইদৰে মৰিয়মে আকস্মিক মৃত্যু সাৱতি লোৱাত পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷