কলিয়াবৰৰ ঐতিহাসিক গান্ধী পথাৰত স্বাধীনতা দিৱস পালন
🎬 Watch Now: Feature Video
এইবেলি দেশে স্বাধীধনতাৰ 75 বছৰ সম্পূৰ্ণ কৰিলে (75th years of Independence)। সোমবাৰে দেশৰ জনতাই পালন কৰিলে 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence Day) ৷ ভাৰতৰ 76 সংখ্যক স্বাধীনতা দিৱস কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত বাৰে-বৰণীয়া কাৰ্যসূচীৰে উদযাপন হয় । কুঁৱৰীটোলৰ ঐতিহাসিক গান্ধী পথাৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় উৎসৱত মুখ্য অতিথি ৰূপে জাতীয় পতাকা উত্তোলন কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে (Independence Day celebrate in Kaliabar)। পতাকা উত্তোলন কৰি দেশ, ৰাজ্য তথা কলিয়াবৰৰ স্বাধীনতা সংগ্ৰামী সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে মহকুমাধিপতিগৰাকীয়ে ।