Har Ghar Triranga: ৰঙিয়া খণ্ড উন্নয়ন শাখাৰ উদ্যোগত বিশেষ কাৰ্যসূচী - ৰঙিয়া খণ্ড উন্নয়ন শাখাৰ উদ্যোগত বিশেষ কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 22, 2022, 8:45 AM IST

Updated : Jul 22, 2022, 9:05 AM IST

স্বাধীনতাৰ 75 বছৰত আজাদী কা অমৃত মহোৎসৱৰ(Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি ইয়াৰ বিশেষ কাৰ্যসূচী হিচাপে ভাৰত চৰকাৰৰ ফালৰ পৰা সকলো ভাৰতীয় নাগৰিকৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ইয়াৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ৰঙিয়া খণ্ড উন্নয়ন শাখাৰ উদ্যোগত এক কাৰ্যসূচী হাতত লোৱা হয় । 'হৰ ঘৰ ত্ৰিৰংগা'(Har Ghar Triranga) এই কাৰ্যসূচীৰ সজাগতাৰ বাবে ৰঙিয়াৰ কেইবাখনো গাঁও পঞ্চায়তত আত্মসহায়ক গোটৰ মহিলাসকলৰ দ্বাৰা সমদল উলিওৱা হয় । সমদলৰ জৰিয়তে ৰাইজক 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ(75th Year of Independence Day of India) দিনা সকলোৱে যাতে নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ইয়াৰ বিষয়ে অৱগত কৰোৱা হয় । ৰাজ্যিক জীৱিকা অভিযান ৰঙিয়া উন্নয়ন খণ্ডৰ অধীনৰ গোটৰ মহিলাসকলে ইতিমধ্যে দিনে নিশাই ৰাষ্ট্ৰীয় পতাকা চিলাইৰ কাম অব্যাহত ৰাখিছে ৷
Last Updated : Jul 22, 2022, 9:05 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.