ৰঙাজানত মহাপুৰুষ মাধৱদেৱৰ 533 সংখ্যক আবিৰ্ভাৱ তিথি উদযাপন - মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী
🎬 Watch Now: Feature Video
সোমবাৰে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা পৰিচালিত উজীৰৰ টোল ৰঙাজানত উলহ মালহেৰে উদযাপন কৰা হয় মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ তিথি (Madhab deva birth anniversary in Letekupukhuri) ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি নিয়মেৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় মহাপুৰুষজনাৰ ৫৩৩ সংখ্যক আৱিৰ্ভাৱ তিথি (533rd birth anniversary of Mahapurusha Madhab deva)৷ পুৱাই সীমিত ভকত বৈষ্ণৱৰ উপস্থিতিত ধৰ্মধ্বজা উত্তোলন কৰে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷ গুৰুজনাৰ অমৰ সৃষ্টি নামঘোষা পাঠ, নাম কীৰ্তন আৰু ধৰ্মালোচনী সভা, সত্ৰীয়া পৰম্পৰা মহাপুৰুষীয়া নৃত্য-গীত ভাওনা আদি কাৰ্যসূচীৰে পালন কৰা হয় মাধৱদেৱৰ তিৰোভাৱ তিথি ৷