গাড়ীৰ গ্লাচ ভাঙি চোৰে লুটি নিলে সোনৰ চেইন, মবাইল, নগদ ধন - চেক্ৰেট গ্ৰফ একাডেমী স্কুল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 9, 2022, 9:24 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ শেহতীয়াকৈ ডিব্ৰুগড়ৰ চৌকিডিঙীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা থকা সময়তে চোৰে চলালে চাফাই অভিযান (Thief terror in Dibrugarh) ৷ ঘটনা অনুসৰি, এখন ছুইফট ডিজেয়াৰ গাড়ীৰে অহা ডিব্ৰুগড়ৰ চেক্ৰেট গ্ৰফ একাডেমী স্কুলৰ পাঁচগৰাকী শিক্ষক-শিক্ষয়ত্ৰীয়ে চৌকিডিঙীত চলি থকা সাংস্কৃতিক আৰু পৰ্যটন মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহিছিল ৷ এই শিক্ষক-শিক্ষয়ত্ৰীসকলে মহোৎসৱত উপস্থিত থকাৰ সময়তে এটা গভাইত চোৰৰ দলে গাড়ীখনৰ গ্লাচ ভাঙি এক লাখ টকাসহ সোণৰ গহনা আৰু মোবাইল লুটি নিয়ে (Thief in Dibrugarh) ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, দুদিনমানৰ পূৰ্বে চহৰখনৰ ষ্টেচন ৰোডৰ সমীপত অনুৰূপধৰণে এটা গভাইত চোৰে গাড়ীৰ গ্লাছ ভাঙি টকা লুটি নিছিল ।
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.