thumbnail

By

Published : Mar 18, 2022, 2:18 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

ফাকুৱাৰ দিনাই টিফুক চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে আমগুৰি টিফুক চাহ বাগিচাত শুকুৰবাৰে পুৱা সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ চাহ বাগিচাৰ শ্ৰমিকক ফাকুৱাৰ বন্ধ নিদিয়াক লৈ পাঁচ শতাধিক চাহ শ্ৰমিকে ঘেৰাও কৰে টিফুক চাহ-বাগিচা বাগিচা ৷ জানিব পৰা মতে, চাহ মজদুৰ সংঘই বাগিচাৰ শ্ৰমিকসকলক ফাকুৱাৰ দিনটোত বন্ধ দিয়াৰ বিপৰীতে কৰ্মত নিয়োজিত হ'বলৈহে নিৰ্দেশ জাৰি কৰিছিল ৷ তাৰ পিছতে উত্তপ্ত হৈ পৰে শ্ৰমিকসকল (Tea workers protest at Amguri Tiphook tea estate) ৷ আনকি চাহ মজদুৰ সংঘ আৰু চাহ শ্ৰমিকসকলৰ মাজতো সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ । অৱশেষত শ্ৰমিকৰ প্ৰতিবাদত সেও মানি চাহ মজদুৰ সংঘই ছুটী মঞ্জুৰ কৰিবলৈ বাধ্য হয় ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.