প্ৰেমিকৰ লগত সন্দেহ কৰি শিৱসাগৰত লেডি ডনৰূপী ছাত্ৰীৰ সন্ত্ৰাস - Student thrashes student for suspected relationship
🎬 Watch Now: Feature Video
শিৱসাগৰত লেডি ডনৰ ৰূপত ছাত্ৰী । প্ৰেম সংক্ৰান্তীয় বিষয়ক লৈ লেডি ডনৰূপী ছাত্ৰীৰ উগ্ৰমূৰ্তি । হাতত চোকা অস্ত্ৰ লৈ ভাবুকি আন এগৰাকী ছাত্ৰীক । সমগ্ৰ দৃশ্য বন্দী হ'ল কেমেৰাত (Sivasagar college girl viral video)। লেডি ডনৰ প্ৰেমীকৰ সৈতে ভুক্তভোগী ছাত্ৰীৰ সম্পৰ্ক থকাৰ সন্দেহ । দিন দুপৰত শিৱসাগৰ পুখুৰীৰ পাৰত থকা ইতিহাস প্ৰসিদ্ধ পিয়লি ফুকনৰ সমাধি উদ্যানত লেডি ডনে সৃষ্টি কৰিলে এনে ভয়াবহ পৰিস্থিতিৰ (Student thrashes student for suspected relationship with boyfriend) । চাৰিওফালে আৰক্ষী আৱাস থকা উক্ত স্থানত হাতত উদ্যত কেঁচি লৈ এগৰাকী ছাত্ৰীক ভাবুকি লেডি ডনৰ । গালত সোধাইছে চৰ । কাণত ধৰাই উঠা-বহা । তাৰ পাছত ভৰিত ধৰাইছে । মুঠৰ ওপৰত লেডি ডনৰ মাফিয়া ষ্টাইল । বন্দী হোৱা দৃশ্যত লেডি ডনৰ চেহেৰা দেখা পোৱা নাই যদিও পৰিধান কৰি থকা ইউনিফৰ্মৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে এই ছাত্ৰী লেডি ডন শিৱসাগৰ জিলাৰ অন্যতম প্ৰধান ছোৱালী শিক্ষাৰ অনুষ্ঠান শিৱসাগৰ ছোৱালী কলেজৰ ছাত্ৰী । ঘটনাৰ নায়ক নিকি নামৰ এজন যুৱকক কেন্দ্ৰ কৰি এই সংঘাত । নিকিৰ লগত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ভুক্তভোগী ছাত্ৰীগৰাকীৰ সম্পৰ্ক থকাৰ সন্দেহ কৰি লেডি ডন আৰু তেওঁৰ সহযোগীয়ে চলালে মাফিয়া কায়দাৰে বিচাৰ ।
Last Updated : Feb 3, 2023, 8:22 PM IST