বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা ; থিতাতে নিহত এগৰাকী যুৱতী

By

Published : Dec 13, 2021, 8:46 PM IST

thumbnail
বৰপেটাৰ বাৰাদিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in barpeta) ৷ দুৰ্ঘটনা থিতাতে নিহত হৈছে এগৰাকী যুৱতী(Young girl dies in road accident) ৷ যুৱতী গৰাকীয়ে এখন স্কুটীৰে বৰপেটাৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত সন্মুখৰ পৰা AS01-EH-9930 নম্বৰৰ এখন চাৰিচকীয়া বাহনে তীব্ৰ বেগত খুন্দ মৰা ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ নিহত চুফিয়া পাৰবিন নামৰ যুৱতী গৰাকীৰ ঘৰ বৰপেটাৰ সমীপৰ পালহাজীৰ দামালঝাৰ গাঁৱত ৷ যুৱতী গৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ ইফালে, দুৰ্ঘটনা সংঘটিত কৰি চাৰিচকীয়া বাহনখনৰ চালকজন পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ যুৱতী গৰাকীৰ বয়স ২৪ বছৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.