জাঁজী-কহিমা সংযোগী ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নান্দনিক দৃশ্য

🎬 Watch Now: Feature Video

thumbnail
বিশ্ব পৰিৱেশ দিৱসৰ(World Environment Day) লগত সংগতি ৰাখি বহুতে গছপুলি ৰোপণ কৰিছে । কিন্তু গছপুলি ৰোপণ কৰিয়ে যেন দায়িত্ব সামৰে একাংশ লোকে । পানী দিয়া বা প্ৰতিপালন নকৰাত মৰহি যায় গছপুলিবোৰ । কিন্তু আমগুৰিত এক বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে । জাঁজীৰ পৰা কহিমা সংযোগী ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে সেউজীয়া এক পৰিৱেশে এতিয়া আকৰ্ষিত কৰিছে সকলোকে । ২০১১ চনতে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ফল-মূল আৰু ঔষধি গছ ৰোপণ কৰিছিল এগৰাকী প্ৰশাসনিক বিষয়াই । সেই সময়ৰ প্ৰশাসনিক বিষয়া তথা আমগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু আমগুৰি ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত উৎপল দলেৰ প্ৰচেষ্টাত ৰোপণ হৈছিল বিভিন্ন প্ৰজাতিৰ ফল-মূল আৰু ঔষধি গছ । সম্প্ৰতি লহ-পহকৈ বাঢ়ি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে । পথছোৱাৰ দুয়োকাষে কৃষ্ণচূড়া, ৰাধাচূড়াকে ধৰি আম, কঠাল, বগৰী, মধুৰীকে ধৰি নানা প্ৰজাতিৰ গছবিলাকে নান্দনিক পৰিৱেশে বিৰাজ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.