পাঠশালাত বিশ্ব পৰিৱেশ দিৱস পালন - pathsala

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 5, 2021, 10:32 PM IST

শনিবাৰে সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিছে পৰিৱেশ দিৱস । বিশ্ব পৰিৱেশ দিৱস(WOLD ENVIRONMENT DAY) উপলক্ষে অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচী । বজালী জিলাৰ পাঠশালাতো আজিৰ বিভিন্ন দল-সংগঠনে গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে । পাঠশালাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো হিউমেন ৰাইটছ ইণ্টাৰনেশ্যনেল ফেডাৰেছন (Human Right International federation)ৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয় । বিশ্ব পৰিৱেশ দিৱস(WOLD ENVIRONMENT DAY) উপলক্ষে জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে গছপুলি ৰোপণ কৰাৰ লগতে মানুহক পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগ হ'বলৈ আৰু ৰোপণ কৰা গছপুলি চোৱা-চিতা কৰিবলৈ আহ্বান জনায় । আনহাতে, বন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰে পাঠশালাৰ স্বেচ্ছাসেৱী সংগঠন ইয়ুথ অৱ পাঠশালা(Youth of Pathsala)ৰ সদস্যসকলৰ লগত লগ হৈ পাঠশালাৰ আজাদ ভৱনত গছপুলি ৰোপণ কৰে । শনিবাৰে এম্বেচাদৰগৰাকীয়ে বজালীৰ বিভিন্ন ঠাইত প্ৰায় ২০০টা গছপুলি বিতৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.