ৰাজ্যজুৰি কৰ্মচাৰী পৰিষদৰ কৰ্মবিতৰিঃ আছুৰ সৈতে অংশ ল'লে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত - সংশোধিত নাগৰিকত্ব আইন বাতিল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5411372-thumbnail-3x2-shgfsh1.jpg)
বৰপেটা, আমিনগাঁও, ওদালগুৰি, 18 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে বুধবাৰে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয় । জিলাখনৰ প্ৰশাসনীয় কৰ্মচাৰী সকলে নিজৰ কৰ্মৰ পৰা বিৰতি লৈ পুৱা 11 বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 'মৌন অৱস্থান ধৰ্মঘট' কাৰ্যসূচী পালন কৰে ৷ ইপিনে বিতৰ্কিত আইন বাতিলৰ দাবীত সদৌ অসম কৰ্মচাৰী পৰিষদে আহ্বান জনোৱা কৰ্মবিৰতিৰ ফলত অচল হৈ পৰিছে বৰপেটা জিলাৰ সকলো চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ । বৰপেটা জিলা সদৰৰ সকলোবোৰ কাৰ্যালয়তে কৰ্মচাৰী শূন্য পৰিৱেশ দেখা গৈছে৷
একেদৰে বিতৰ্কিত আইনৰ বিৰুদ্ধে উদালগুৰিতো অব্যাহত আছে উত্তাল প্ৰতিবাদ ৷ ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদতো সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে পুৱা 10 বজাৰ দুঘন্টীয়া মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ক'লা বেজ পৰিধান কৰি সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ জিলা সমিতিৰ সভাপতি বিজয় শংকৰ শৰ্মা আৰু সম্পাদক জন মিল্টন চাংমাৰ নেতৃত্বত ৰূপায়ন কৰা এই প্ৰতিবাদত উপায়ুক্ত কাৰ্যালয়ৰ বহু সংখ্যক কৰ্মচাৰীয়ে মূৰত গামোছা মাৰি অংশ গ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীৰ পৰা অসমৰ জাতি-মাটি ভেটিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা সংশোধিত নাগৰিকত্ব আইন 2019 বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰে ।
আনহাতে আমিনগাঁৱতো সদৌ কামৰূপ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ প্ৰতিবাদকাৰী সকলে বিভিন্ন চি(এ)এ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷
লগতে পঢ়ক - মোদীয়ে জিন্নাৰ আদৰ্শত ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ চেষ্টা চলাইছে : তৰুণ গগৈ
Last Updated : Dec 18, 2019, 2:17 PM IST