বঙাইগাঁৱত শাল গছৰ কুণ্ডা জব্দ - abhyaopuri forest department

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 20, 2021, 10:02 PM IST

বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰু ঝিটকীবাৰী বন বিভাগে শনিবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, অভয়াপুৰীৰ বন বিভাগে গোপন সূত্ৰে পোৱা তথ্যৰ ভিত্তিত শনিবাৰে নিশা অভয়াপুৰী আৰু ঝিটকীবাৰী বন বিভাগৰ সহযোগত নিশা গেৰখাবাৰী ৰতনপুৰ পাহাৰত অভিযান চলায় । অভিযানত বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰি অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ লৈ যায় । জব্দ কৃত শাল গছৰ কুণ্ডাখিনিৰ বজাৰৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা হ’ব বুলি বনকৰ্মীসকলে জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.