মুকালমুৱাত আৰক্ষীৰ জালত অনৈতিক কাৰ্যত জড়িত তিনি মহিলাসহ এজন যুৱক

By

Published : Sep 11, 2021, 10:35 PM IST

thumbnail

শনিবাৰে মুকালমুৱা থানাৰ অন্তৰ্গত কুমাৰীকাটাৰ ভট্ট চ'কৰ পৰা অনৈতিক কাৰ্যত জড়িত থকাৰ অভিযোগত তিনি গৰাকী মহিলাসহ এজন যুৱকক আটক কৰে মুকালমুৱা আৰক্ষীয়ে । DSP জিকিৰাণী মহন্তৰ নেতৃত্বত চলা এক গোপন অভিযানত আটক কৰিবলৈ সক্ষম হয় পুৰুষ-মহিলাসহ চাৰিজনক । জানিব পৰা মতে, কুমাৰীকাটা ভট্ট চক'ৰ এগৰাকী মহিলাৰ ঘৰত দীৰ্ঘদিন ধৰি নাৰী দেহ ব্যৱসায় চলি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । মহিলাগৰাকীৰ ঘৰত DSP জিকিৰাণী মহন্তৰ নেতৃত্বত দৌলাশাল আৰক্ষী চকীৰ আইচি ৰাজশ্ৰী বুঢ়াগোহাঁইয়ে অভিযান চলাই উক্ত মহিলাগৰাকীৰ লগতে অন্য দুগৰাকী মহিলা সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । ধৃত মহিলা কেইগৰাকী অনৈতিক কাৰ্যত জড়িত থকাৰ অভিযোগত আটক কৰা বুলি জানিব দিয়ে মুকালমুৱা আৰক্ষীয়ে । ধৃত মহিলা কেইগৰাকীয়ে অঞ্চলটোত দীৰ্ঘদিন ধৰি নাৰী দেহ ব্যৱসায়ত জড়িত থকাৰ সন্দেহ মুকালমুৱা আৰক্ষীৰ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.