thumbnail

পদুমণিত বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

By

Published : Aug 27, 2021, 12:30 PM IST

চামগুৰিৰ পদুমণি তিনিআলিত বৃহস্পতিবাৰে নিশা পুনৰ বন্যহস্তীৰ উপদ্ৰৱ(Wild Elephant Terror) । এটা বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । এখন হোটেলৰ পকী ৱাল ভাঙি পেলোৱাৰ লগতে তহিলং কৰিলে যথেষ্ট পৰিমাণৰ খাদ্য সামগ্ৰী । এখন চেলুনৰো বেৰ ভাঙি আইনাৰ লগতে লণ্ড-ভণ্ড কৰিলে আচবাব । ইফালে বন বিভাগৰ লোকে হাতী খেদাৰ চেষ্টা চলায়ো ব্যৰ্থ হোৱাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী । জনজীৱনৰ সমান্তৰালভাৱে এতিয়া ধন-সম্পত্তি ওপৰতো বন্যহস্তীয়ে উপদ্ৰৱ চলোৱা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.