হোজাইত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু

By

Published : Nov 18, 2021, 7:43 PM IST

thumbnail

হোজাই জিলাৰ পশ্চিম নন্দপুৰত বুধবাৰে নিশা বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱতিব লগীয়া হয় এজনী বন্যহস্তীয়ে ৷ খাদ্যৰ সন্ধানত বুধবাৰে মাজনিশা হাৱাইপুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল প্ৰায় ডেৰশ হাতীৰ এটা জাক ৷ বন্যহস্তীৰ জাকটোৱে পশ্চিম নন্দপুৰ অঞ্চলৰ মাজেৰে গৈ থকা অৱস্থাত পিচফালে থকা এজনী মাইকী হাতী ১১ হেজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি ঘটনাস্থলীতেই মৃত্যু হয় । পুৱা স্থানীয় ৰাইজে মৃত হাতীটো প্ৰত্যক্ষ কৰি সংশ্লিষ্ট পক্ষক অৱগত কৰে ৷ এই খবৰ লাভ কৰাৰ পাছতেই শক্তি বিভাগ আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সমীপৰ বনাঞ্চলত শেষকৃত্যৰ ব্যৱস্থা কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.