thumbnail

By

Published : Nov 26, 2021, 6:09 PM IST

ETV Bharat / Videos

শস্যভূমিত এইবাৰ বন্যহস্তী নহয় বনৰীয়া গাহৰি আৰু বান্দৰৰ উপদ্ৰৱ

এইবাৰ বন্যহস্তী (elephant menace assam) নহয় বনৰীয়া গাহৰি আৰু বান্দৰৰ উপদ্ৰৱ ৷ কৰিমগঞ্জৰ দোহালিয়া এলেকাত বনৰীয়া গাহৰি আৰু বান্দৰৰ ত্ৰাসে(wild bore and monkey menace at karimganj) নিদ্ৰা হৰিছে খেতিয়কৰ ৷ দিনৰ ভাগত যদি বান্দৰ, তেন্তে নিশা হোৱাৰ লগে লগে ধাননি পথাৰত নামি আহে জাকে জাকে বনৰীয়া গাহৰি । বিঘাই বিঘাই পকা ধান খাই তহিলং কৰে বনৰীয়া গাহৰিয়ে । যাৰ বাবে এন্ধাৰ হোৱাৰ লগে লগে খেতিপথাৰত পহৰা দিব লাগে গঞা ৰাইজে । কোনো কোনো এলেকাত ৰাইজে হাতে হাতে লাঠি লৈ পহৰা দিয়ে, কোনো কোনো ঠাইত আকৌ পথাৰত চাংঘৰ বনাই গাহৰিৰ পৰা খেতিডৰা বচাবলৈ চেষ্টা কৰিছে খেতিয়কসকলে । আনহাতে একাংশ খেতিয়কে বনৰীয়া গাহৰি আৰু বান্দৰৰ ত্ৰাসত অতিষ্ঠ হৈ কেঁচাতে ধান কাটিবলৈ বাধ্য হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.