কোন হ’ব আছুৰ পৰৱৰ্তী সভাপতি, সম্পাদক

By

Published : Nov 20, 2020, 11:06 PM IST

thumbnail
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় দুলিয়াজান অধিবেশনৰ শুকুৰবাৰে তৃতীয় দিন । তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় । এতিয়া আছুৰ মজিয়াত এটাই প্ৰশ্ন কোন হ'ব আছুৰ পৰৱৰ্তী সভাপতি আৰু সম্পাদক । ইতিমধ্যে আছুৰ মজিয়াত কেইবাটাও নাম উল্লেখ হৈছে । মৰিগাঁৱৰ উৎপল শৰ্মা, গুৱাহাটীৰ দিব্যজ্যোতি মেধি, বিশ্বনাথৰ প্ৰজ্ঞান ভূঞা, শিৱসাগৰৰ উদ্দীপ জ্যোতি গগৈ, দুলিয়াজনৰ শংকৰ জ্যোতি গগৈ আৰু নলবাৰীৰ ভৱজিৎ বেজবৰুৱা । কোন হ'ব সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় নৱ নিৰ্বাচিত সভাপতি আৰু সম্পাদক । উৎপল শৰ্মা, প্ৰজ্ঞান ভূঞা, দিব্যজ্যোতি মেধি, ভৱজিৎ বেজবৰুৱা, উদ্দীপজ্যোতি গগৈ আৰু শংকৰজ্যোতি গগৈৰ ভিতৰত কোনে লাভ কৰিব নেতৃত্ব ৷ ইয়াক লৈ এতিয়া চলিছে জল্পনা কল্পনা ৷ সদৌ অসম ছাত্ৰ সন্থা দ্বায়িত্ব ল’বলৈ নতুন মুখৰ আগমণ ঘটিব নেকি ? পাৰিব নে নৱ নিৰ্বাচিত সভাপতি আৰু সম্পাদকে আছুৰ নেতৃত্ব ল’বলৈ ? এই সকলোবোৰৰ উত্তৰ আহিব শনিবাৰে অনুষ্ঠিত হ’ব লগীয়া বিষয়-বাব নিৰ্বাচনী সভাত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.