বাৰিষা আহিল, পুনৰ কৃত্ৰিম বানত বুৰ যাব গুৱাহাটী মহানগৰ - কৃত্ৰিম বান
🎬 Watch Now: Feature Video

সমাপ্ত হ’ল নিৰ্বাচন । এতিয়া সকলোৱে বাট চাই ৰৈছে ২ মে'ৰ ফলাফললৈ । তাৰ মাজতে কৰ’ণাতংকক নেওচি আহিল হেঁপাহৰ ৰঙালী বিহু । সমান্তৰালভাৱে বাৰিষা কাল সমাগত । গুৱাহাটীৰ মহা নাগৰিকৰ বাবে বাৰিষা কাল মানেই যেন আন এক আতংক । সেয়া হৈছে কৃত্ৰিম বানৰ আতংক । এজাক বৰষুণত স্তব্ধ হৈ পৰে মহা নাগৰিকৰ জীৱনশৈলী । কৃত্ৰিম বানত বুৰ যায় মহা নাগৰিকৰ সকলো অভিজাত-অভিমান । কিন্তু কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত সভাই-সমিতিয়ে কথাৰ ফুলজাৰি মাৰি ফুৰা বিয়াগোম নেতা-আমোলাৰ এতিয়ালৈকে গা লৰা পৰিলক্ষিত হোৱা নাই । চাফা নহ'ল নলা-নর্দমা । বছৰি কোটি কোটি টকা শৰাধ কৰিও কোনোপধ্যে সফল হ'ব নোৱাৰা GMC, GMDA ৰ দৰে বিভাগে যে এইক্ষেত্ৰত কিবা ইতিবাচক কাম কৰিব পাৰিব সেই আশা পৰিত্যাগ কৰিছে সাধাৰণ জনতাই ।