কমলপুৰত ৰাজপথত দাউ-দাউকৈ জ্বলিল চাৰিচকীয়া বাহন - কমলপুৰত বাহনত জুই
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13590720-thumbnail-3x2-b.jpg)
বাইহাটাৰ কমলপুৰৰ দলমাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা দাউ-দাউকৈ জ্বলিল টয়’টা বাহন । লগে লগে আতংকময় পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷ ঘটনাৰ পাচতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপিত কৰিলে জুই । কোনো ধৰণৰ আৰোহী নথকা বাহনখনত সংঘটিত হোৱা অগ্নিকাণ্ডক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে । ভস্মীভূত হোৱা বাহনখনৰ নম্বৰ ML-1-OC-0061 । ইফালে বাহনখনৰ পৰা ধান-খেৰ উদ্ধাৰ হোৱাৰ পাচতে বাহনখন গৰু চুৰ কৰিবলৈ ব্যৱহাৰ কৰা বাহন বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । চাওক এই প্ৰতিবেদন...