উৰুকাৰ পুৱাই উজান বজাৰত মাছৰ উজান - হেঁপাহৰ ভোগালীৰ উৰুকা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5704758-thumbnail-3x2-maas.jpg)
হেঁপাহৰ ভোগালীৰ উৰুকাৰ বাবে সাজু সমগ্ৰ অসমবাসী ৷ চৌদিশে উথপথপ পৰিৱেশ ৷ বজাৰত ব্যাপক ভিৰ গ্ৰাহকৰ ৷ মহানগৰীৰ উজান বজাৰত পুৱাই উজান উঠিল মাছৰ ৷ নিজৰ মন পচন্দৰ মাছ বিচাৰি উজান বজাৰলৈ সোঁত বৈছে গ্ৰাহকৰ ৷ মঙলবাৰে পুৱাৰে পৰাই উজান বজাৰ মাছৰ বজাৰত ৰৌ, বৰালি, চিতল, ভকুৱা আদি বিভিন্ন মাছৰ পয়োভৰেৰে চমকি উঠে উৰুকাৰ বজাৰ ৷ উৰুকাৰ নিশা তৃপ্তিৰে এসাজ খোৱাৰ বাবে সকলোৱে কিনিবলৈ আহিল মাছ ৷