thumbnail

By

Published : Jul 13, 2021, 7:11 PM IST

ETV Bharat / Videos

জীৱকুলক খাদ্য যোগানত ব্যস্ত এজন যুৱক

যিটো সময়ত একাংশ অচেতন লোকে বনাঞ্চল ধ্বংস কৰি প্ৰকৃতি তথা বন্য জীৱ-জন্তুৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, সেই সময়তে বকোৰ এজন যুৱকে হাতত লৈছে এক প্ৰশংসনীয় কাম । এই যুৱকজনৰ নাম প্ৰনৱ শীল। ঘৰ বকোৰ পাখাৰাপাৰাত। বকো বনাঞ্চলখন সুন্দৰ কৰাৰ লগতে জীৱকুলৰ খাদ্য যোগানৰ লক্ষ্যৰে যুৱকজনে বনাঞ্চলৰ মূল্যবান শালনি গছৰ মাজে মাজে সিঁচিলে বিভিন্ন ফলমূলৰ গুটি ৷ প্ৰনৱে শৰীৰ চৰ্চা কেন্দ্ৰত সজুলি তৈয়াৰ কৰা কাম কৰে যদিও আজৰি সময়ত এনে কামত ব্যস্ত হৈ পৰে প্ৰনৱ । প্ৰনৱৰ আশা এদিন নদন বদন হৈ উঠিব এই বনাঞ্চলখন । বনাঞ্চলৰ বিভিন্ন ফলমূল খাবলৈ আহিব জীৱ-জন্তু ৷ অনাগত দিনতো বিভিন্ন বতৰৰ ফল-মূলৰ বীজ সিঁচাৰ সংকল্প হাতত লৈছে প্ৰনৱে । শাল, চেগুনৰ লগতে অন্য ফল-মূলৰ গছো সংৰক্ষণ কৰিবলৈ বনাঞ্চল সংৰক্ষণৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰী সকলকো আহ্বান জনাইছে প্ৰনৱ শীলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.