উত্তপ্ত ডিব্ৰুগড় : তাজিয়াত তাণ্ডৱ চলোৱা যুৱকক আটক কৰি প্ৰতিবাদৰ সন্মুখীন আৰক্ষী - হাতত মাৰণাস্ত্ৰ লৈ নৃত্য
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4416674-thumbnail-3x2-p.jpg)
ৰাজপথত একাংশ যুৱকৰ উদ্দাম নৃত্য ৷ ডিব্ৰুগড়ৰ ৰাজপথত চোকা মাৰণাস্ত্ৰ লৈ নৃত্যত মচগুল একাংশ উদণ্ড যুৱক ৷ উদণ্ড যুৱকক আটক কৰি প্ৰতিবাদৰ সন্মুখীন ডিব্ৰুগড় আৰক্ষী ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো মহৰম উদযাপন কৰে ইচলাম ধৰ্মাৱলম্বী লোকসকলে ৷ মহৰমৰ পৰম্পৰা অনুসৰি চহৰখনত অনুষ্ঠিত হৈছিল তাজিয়া অনুষ্ঠান ৷ কিন্তু তাজিয়াৰ নামত উপদ্ৰৱ চলালে একাংশ যুৱকে ৷ হাতত মাৰণাস্ত্ৰ লৈ নৃত্যত মচগুল হৈ পৰিছে যুৱকসকল ৷ অস্ত্ৰৰ আঘাতত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বিলাসী বাহন ৷ চিচি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য ৷ আৰক্ষীয়ে তদন্ত কৰি দুজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ পাচত উত্তপ্ত হৈ পৰে ডিব্ৰুগড় চহৰ ৷ আটকাধীন যুৱক ফুলকন হুছেইনক মুক্তি দিয়াৰ দাবীত শতাধিক ৰাইজে ঘেৰাও কৰে ডিব্ৰুগড় থানা ৷ তাজিয়াৰ নামত সংঘটিত এই ঘটনাক লৈ এতিয়া মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৰাজ্যখনত ৷