উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত BPF ক লৈ ইউ জি ব্ৰহ্মৰ গুৰুত্বপূৰ্ণ মন্তব্য - বিপিএফ দলে বিজেপি দলৰ লগত মিত্ৰতাৰ বাবে যোগাযোগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 30, 2021, 7:21 PM IST

সম্প্ৰতি ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ৰাজনৈতিক দলসমূহে । তেনে সময়তে ৰাজ্যৰ এগৰাকী মন্ত্ৰী তথা ইউপিপিএলৰ (UPPL) বিধায়কে বিপিএফ (BPF) দলক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । ৰাজ্যৰ ৰেচম আৰু হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰখাও গোড়া ব্ৰহ্মই তেজপুৰত সাংবাদিকৰ আগত কোৱা মতে বিপিএফ দলে বিজেপি দলৰ লগত মিত্ৰতাৰ বাবে যোগাযোগ কৰিছে নে নাই তেওঁ নাজানে । বৰ্তমান বিজেপি দলৰ লগত অগপ আৰু ইউপিপিএলৰ মিত্ৰতা আছে গতিকে বিটিআৰৰ খালী থকা দুটা সমষ্টিৰ আসনত ইউপিপিএল দলে প্ৰাৰ্থী নিক্ষেপ কৰিব । এইয়া বিজেপি আৰু অগপ দলৰো মিত্ৰজোঁটৰ প্ৰাৰ্থী সেয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাটো হে গুৰুত্ব প্ৰদান কৰিব । অসমত আগন্তুক উপ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে অন্য ৰাজনৈতিক দলৰ কোনো দখল নাই বুলি তেওঁ দাবী কৰে । মন্ত্ৰীগৰাকীৰ মতে ইউপিপিএল দলে কোনোদিন বিপিএফৰ লগত আলোচনাৰ বাবে প্ৰয়োজনবোধ কৰা নাই । উল্লেখ্য যে বিপিএফ দলে বিজেপিৰ সৈতে মিত্ৰতা স্থাপনৰ বাবে জো-যা চলাই থকা বুলি এক খবৰ চৰ্চাত থকাৰ সময়তে ইউপিপিএল দলৰ নেতাগৰাকীৰ এনে মন্তব্যই ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.