ৰঙাপৰাত প্ৰশাসনৰ নিৰ্দেশনা উলংঘা কৰি মটৰ চাইকেলত উঠিছে দুজনকৈ আৰোহী
🎬 Watch Now: Feature Video
ৰাজ্যখনৰ সমান্তৰালভাৱে শোণিতপুৰৰ ৰঙাপৰাতো ক’ভিড-19য়ে ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে, ৰঙাপৰাত ১২০ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰ পাছতো যেন সজাগ হোৱা নাই ৰঙাপৰাৰ ৰাইজ । একাংশ লোকে নামানে চৰকাৰী নীতি-নিয়ম । প্ৰশাসনে দুচকীয়া বাহনত দুজনকৈ লোক উঠা নিষিদ্ধ কৰিছে যদিও চহৰখনৰ মাজ মজিয়াত মটৰ চাইকেলত দুজনকৈ যুৱক উঠি ঘুৰি ফুৰা পৰিলক্ষিত হৈছে ৷ আনহাতে, এনেদৰে দুজনকৈ লোক মটৰ চাইকেলত উঠি ঘুৰি ফুৰা পাচতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।