thumbnail

By

Published : Dec 10, 2021, 8:31 AM IST

ETV Bharat / Videos

Leopard Attacke at Mariani : নাহৰফুটুকীৰ আক্ৰমণত আহত দুজন

মৰিয়নিৰ তিৰুৱালাৰ এখন ক্ষুদ্ৰ চাহ বাগিছাত নাহৰফুটুকীৰ আতংক ৷ ইতিমধ্যে এই বাঘটোৰ আক্ৰমণ(Leopard attacke at Mariani)ত গুৰুতৰভাৱে আহত হৈছে দুজন লোক(Two people injured in tiger attack) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, তিৰুৱালাৰ বুবুল গগৈ নামৰ লোকজনৰ এখন ক্ষুদ্ৰ চাহ বাগিছাত বিগত কেইদিনমান ধৰি বিচৰণ কৰি আছে এটা নাহৰফুটুকীয়ে ৷ এই বাঘটোৰ আক্ৰমণতে আহত হৈছে ৰিজুমনি গগৈ নামৰ যুৱতীগৰাকী ৷ চাহপাত চিঙি থকা অৱস্থাত যুৱতীগৰাকীক বাঘটোৱে আক্ৰমণ কৰে ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচতে সঞ্জীৱ নায়ক নামৰ লোক এজনে বাঘটো খেদিবলৈ যায় ৷ ফলত বাঘটোৱে সঞ্জীৱ নায়কক আক্ৰমণ কৰাৰ আঘাতপ্ৰাপ্ত হয় লোকজন ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচৰে পৰা তিৰুৱালাৰ এই অঞ্চলটোত স্থানীয় লোকৰ মাজত বাঘৰ আতংকই বিৰাজ কৰি আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.