thumbnail

By

Published : Sep 27, 2021, 9:45 PM IST

ETV Bharat / Videos

কলগাছিয়াত ড্ৰাগছ সহ দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ প্ৰতি ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান ৷ ইয়াৰ মাজতে মঙলবাৰে 12 গ্ৰাম ব্ৰাউন চুগাৰ আৰু এখন মটৰ চাইকেল সহ কলগাছিয়া আৰক্ষীৰ জালত পৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া-ডিমাপুৰ সংযোগী দলঙৰ সমীপৰ পৰা আটক কৰে এই দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷ গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুটা জনীয়াৰ জিয়াৰুল ইছলাম আৰু তাপাজুলি গাঁৱৰ গিয়াছ উদ্দীন বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, কলগাছিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত কলগাছিয়া-ডিমাপুৰ সংযোগী দলঙৰ ওচৰত অভিযান চলাই ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষী প্ৰত্যক্ষ কৰি সৰবৰাহকাৰী দুজনে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ লস্কৰৰ নেতৃত্বত সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.