ETV Bharat / state

ইউ পি পি এল-বি পি এফক একত্ৰিত হ’বলৈ আহ্বান এবছুৰ - Mahatma Gandhi birth anniversary

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Non violence day in Baksa: নিখিল বড়ো ছাত্ৰ সন্থাই বাক্সা জিলাৰ মুছলপুৰত দিনজোৰা কাৰ্যসূচীৰে অহিংসা দিৱস পালন কৰে । পুৱা পতাকা উত্তোলন কৰাৰ লগতে পাৰ চৰাই উৰুৱাই বড়ো জাতিৰ শান্তি কামনা এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷ জাতিৰ স্বাৰ্থত ইউ পি পি এল-বি পি এফক একত্ৰিত হ’বলৈ আহ্বান দ্বীপেন বড়োৰ ৷

Non violence day in Baksa
বাক্সাত মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্মজয়ন্তী পালন (Etv Bharat Assam)

বাক্সা, ২ অক্টোবৰ: মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে নিখিল বড়ো ছাত্ৰ সন্থাই বাক্সা জিলাৰ মুছলপুৰত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে অহিংসা দিৱস । নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে পুৱা পতাকা উত্তোলন কৰাৰ লগতে পাৰ চৰাই উৰুৱাই বড়ো জাতিৰ শান্তি কামনা কৰে । ইয়াৰ পিছতে শোভাযাত্ৰাত অংশ লৈ দ্বীপেন বড়োৱে কয় যে আজি পৱিত্ৰ দিনটোত আমি বড়ো জাতিৰ শান্তিৰ বাবে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিম । লগতে তেওঁ এই পৱিত্ৰ দিনটোতে জাতিৰ স্বাৰ্থত ইউ পি পি এল-বি পি এফ ৰাজনৈতিক দলক একত্ৰিত হ'বলৈ আহ্বান জনায় ।

তেওঁ লগতে কয় যে, বড়ো সকলৰ ১৯৯৩ চনত বি এ চি, ২০০৩ চনত বি টি চি চুক্তি, ২০২০ চনত বি টি আৰ চুক্তি কেন্দ্ৰীয় চৰকাৰৰ লগত সম্পাদিত হয় যদিও এই চুক্তি বৰ্তমানেও সম্পূৰ্ণ কাৰ্যকৰী হোৱা নাই ৷ তাৰোপৰি বড়ো আন্দোলনৰ লগত জড়িত এন ডি এফ বিৰ কেডাৰসকলৰ কেছসমূহ সমাধান হোৱা নাই বুলিও আক্ষেপ কৰে ৷ তেওঁ গাওঁ অন্তৰ্ভুক্তৰ ক্ষেত্ৰত চৰকাৰক সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৷

ইউ পি পি এল-বি পি এফক একত্ৰিত হ’বলৈ আহ্বান এবছুৰ (Etv Bharat Assam)

ইয়াৰোপৰি বি টি আৰত শান্তি প্ৰগতিৰ স্বাৰ্থত ঐতিহাসিক বি টি আৰ চুক্তিৰ প্ৰতিটো দফা সফল ৰূপায়ন কৰাৰ কাৰণে আজিৰ এই দিনটোতে কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰে । মহৰ্ষি বাল্মিকী সংস্কৃত বিশ্ববিদ্যালয় উপাচাৰ্য, অধ্যাপক ৰমেশ ভৰদ্বাজে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত কয়, "উত্তৰ-পূৰ্বাঞ্চল যদি শান্তি স্থাপন কৰিব লাগে তেনেহ’লে বড়ো জাতিক শান্তি স্থাপন কৰিব লাগিব ৷ বড়োসকলৰ পিতা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো সকলৰ কাৰণে অহিংসাৰ আন্দোলন কৰিছিল ৷ বড়ো সকল শিক্ষিত হোৱাৰ কাৰণে বৰ্তমান এবছুৱে যৎপৰোনাস্তি কাম কৰি আহিছে ৷ এয়া শুভ লক্ষণ ৷"

তেওঁ লগতে কয়, "আগতে এই অঞ্চলতত হিংসাৰে জৰ্জৰিত আছিল ৷ আজি এই অঞ্চল শান্তি স্থাপন হ’ল ৷" সভাত বিটিআৰৰ অধ্যক্ষ কাতিৰা বড়ো, বাক্সা জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দীপক বসুমতাৰী, নেপালী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বদ্ৰী বুঢ়াগাই, শিশু সাহিত্যএকাডেমি বঁটাপ্ৰাপক দেওবাৰ ৰামছিয়াৰী উপস্থিত থাকে ৷

লগতে পঢ়ক: গান্ধী মণ্ডপত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন - Gandhi Jayanti celebration

তেজপুৰত অহিংস নীতিৰ বাণী বিলালে মহাত্মা গান্ধীয়ে ! - Mahatma Gandhi In Assam

গান্ধীৰ সৈনিক বনাম গডছে সৈনিকৰ নিৰন্তৰ চলি আছে যুদ্ধ: গৌৰৱ গগৈ - MP Gaurav Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.