thumbnail

By

Published : Sep 19, 2021, 5:25 PM IST

ETV Bharat / Videos

কলগাছিয়াত বাইক চুৰিৰ সন্দেহত দুজনক আটক

কলগাছিয়া আৰক্ষীৰ সফলতা । শনিবাৰে কলগাছিয়া চাৰিআলিৰ পৰা আৰক্ষীয়ে আটক কৰে দুজনকৈ সন্দেহজনক বাইক চোৰক । বাইক চোৰ কেইটাৰ পৰা AS14L3823 নম্বৰৰ এখন বাজাজ পালছাৰ 220 এখন বাইকো জব্দ কৰে আৰক্ষীয়ে ৷ আটকাধীন চোৰকেইটাৰ নাম ক্ৰমে হাউলীৰ বেন্নিবাৰী গাঁৱৰ সুৰেন বিশ্বাসৰ পুত্ৰ দিলিপ বিশ্বাস (৩০) আৰু বৰপেটাৰ ৰঙাপানী গাঁৱৰ কুৰবান আলীৰ পুত্ৰ শ্বহিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আটকাধীন চোৰ কেইটা বহু কেইটা বাইক চুৰিকাণ্ডৰ লগত জড়িত আছিল বুলি আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.