ডিব্ৰুগড়ৰ এটা ক’ভিড কেয়াৰ চেণ্টাৰত এখন ব্যক্তিক্ৰমী পুষ্পিতা বিবাহ - ppe kite
🎬 Watch Now: Feature Video
পুষ্পিতা বিবাহ বা সহজ অৰ্থত তোলনি বিয়া ৷ অসমীয়া সমাজৰ এক অপৰিহাৰ্য অংগ । কুমাৰী কন্যাৰ প্ৰথম ৰজঃস্বলা হোৱাৰ উপলক্ষে উদযাপন কৰা এক নিয়ম | য'ত সামাজিকভাৱে এখন সৰু-সুৰা বিবাহ সম্পন্ন কৰা হয় | এনে প্ৰাকৃতিক নিয়মক বিবাহ হিচাপে উদযাপন কৰা হয় । কিন্তু ডিব্ৰুগড়ত এটা ক’ভিড কেয়াৰ চেণ্টাৰতে এগৰাকী কন্যা হয় পুষ্পিতা আৰু এই চেণ্টাৰতে আনুষ্ঠানিকভাৱে চিকিৎসক-নাৰ্চে পাতিলে তোলনি বিয়া । PPE কীট পিন্ধি চিকিৎসাকৰ্মীয়ে কন্যাক নোৱালে-ধুৱালে । তোলনি বিয়াৰ এই ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷
Last Updated : Jul 7, 2021, 8:29 AM IST