হস্তী-মানৱ সংঘাত : কি দৰে সম্ভৱ ইয়াৰ নিৰ্মূল - ETV_ASSAM
🎬 Watch Now: Feature Video
হস্তী-মানৱৰ সংঘাত ৰাজ্যৰ বাবে কোনো নতুন কথা নহয় ৷ ওদালগুৰি, ৰঙাপাৰা, ৰংজুলিৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত হস্তী-মানৱৰ সংঘাতে ভয়ানক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷ হস্তী-মানৱৰ সংঘাত ৰোধৰ বাবে এক অভিনৱ পন্থা লৈছে নগাঁৱৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু স্বেচ্ছাসেৱী সংগঠন হস্তীবন্ধুৱে ৷ নগাঁও-কাৰ্বি আঙলং সীমান্তৰ চাপানালাৰ হাতীখুলি অঞ্চলত হাতীৰ প্ৰিয় খাদ্য নেপিয়াৰ আৰু গিনি ঘাঁহ ৰোপন কৰাৰ লগতে ননৈত প্ৰায় দুশ বিঘা মাটিত ৰোপন কৰিছে ধান খেতি ৷ যাৰ ফলত বন্য হস্তীয়ে সেই খাদ্য গ্ৰহণ কৰি জনাঞ্চলত ত্ৰাসৰ সৃষ্টি নকৰিব বুলি একত ধাৰণা কৰা হৈছে ৷