Veer Lachit Sena protest: অসমীয়া ভাষা বিৰোধী চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ জোঁৰ সমদল - চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ বীৰ লাচিত সেনাৰ
🎬 Watch Now: Feature Video
অসম চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ বীৰ লাচিত সেনা অসমৰ । এইবাৰ চৰকাৰৰ অসমীয়া ভাষা বিৰোধী প্ৰতিটো সিদ্ধান্ত বাতিলৰ দাবীত বীৰ লাচিত সেনাই সমগ্ৰ অসমতে জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Torch march rally of veer lachit sena)। সংগঠনটোৰ জিলা আৰু আঞ্চলিক সমিতিসমূহে সংকল্প শিখা জোঁৰ সমদল শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰে । বঙাইগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক সমিতিয়ে সন্ধিয়া ৫ বজাত মাণিকপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাণিকপুৰ তিনিআলি লৈ এই জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰে । সমদলত অংশ লোৱা সংগঠনৰ সদস্যসকলে চৰকাৰে লোৱা অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত সমূহ বাতিল কৰাৰ লগতে APSCৰ বাছনি পৰীক্ষাত অসমীয়া বিষয়ৰ বাধ্যতামূলক প্ৰশ্ন কাকতৰ ব্যৱস্থা বাতিল কৰি অসম চৰকাৰে লোৱা শেহতীয়া সিদ্ধান্ত শীঘ্ৰে বাতিল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।